কৰ’ণাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিছে বিদ্যা ভাৰতীয়ে, বিদ্যালয়সমূহক আইছ’লেশ্যন চেণ্টাৰ কৰিবলৈ নিৰ্দেশনা জাৰী

কৰ’ণাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিছে বিদ্যা ভাৰতীয়ে, বিদ্যালয়সমূহক আইছ’লেশ্যন চেণ্টাৰ কৰিবলৈ নিৰ্দেশনা জাৰী

কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণা অনুযায়ী সমগ্ৰ দেশতে অব্যাহত আছে ২১ দিনীয়া লক ডাউন।এই ক্ষেত্ৰত দেশৰ আন ৰাজ্যসমূহৰ দৰে অসমতো ৰাজ্য চৰকাৰক কৰ’ণাৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধত সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিদ্যা ভাৰতীয়ে। বিদ্যা ভাৰতীৰ অন্তৰ্ভূক্ত শিশু শিক্ষা সমিতি অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে জনোৱা মতে, কৰ’ণাক প্ৰতিহত কৰিবলৈ সংগঠনে চৰকাৰক সহযোগ কৰিবলৈ প্ৰস্তুত আছে। সমিতিয়ে প্ৰয়োজন হ’লে নিজৰ বিদ্যালয়সমূহত আইছ’লেশ্যন কেন্দ্ৰ স্থাপনৰ বাবে চৰকাৰক অৰ্পণ কৰিবলৈ সাজু। সাংগঠনিক সম্পাদক মজুমদাৰে লগতে কয় যে-”এই সময়ছোৱাত সাহাৰ্য শিবিৰ স্থাপনৰ বাবে বিদ্যালয় চৌহদৰো ব্যৱহাৰ কৰিব পাৰিব প্ৰশাসনে। চৰকাৰে ৰে’ল আৰু বাছসমূহতো আইছ’লেশ্যন ৱাৰ্ড স্থাপনৰ পৰিকল্পনা হাতত লৈছে। কিন্তু ইয়াৰ বাবে যথেষ্ট খৰচ হ’ব। সেয়ে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো।
বিদ্যালয়সমূহক আইছ’লেশ্যন চেণ্টাৰ কৰিবলৈ চৰকাৰে ইমান বেছি ধন খৰচ কৰাৰ প্ৰয়োজন নহ’ব।” আনহাতে শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে কয়– ‘কৰ’ণা মহামাৰীৰ বিৰুদ্ধে বিদ্যালয় ভৱন চৰকাৰ-প্ৰশাসনক অৰ্পণ কৰাৰ লগতে আন ধৰণেও সহায়-সহযোগিতা আগবঢ়াবলৈকো আমি সদা সষ্টম হৈ আছো। এনে বিপদৰ মুহূৰ্তত আমি সকলোৱে আগবাঢ়ি অহা উচিত। এইকেইদিন বিদ্যালয়সমূহ বন্ধ হৈ আছে। গতিকে এনে সময়ত আমাৰ বিদ্যালয়গৃহসমূহ ইয়াতকৈ আন কোনো ভাল কামতে ব্যৱহাৰ হ’ব নোৱাৰে। সেয়ে আমি বিদ্যালয় গৃহসমূহ প্ৰশাসনক ৰাজ্যৰ সংকটকালত অৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো।’

 


Home

» Do You Know What is Happening ?

» Get Daily News


Stay at Home to Stay Safe from Coronavirus (COVID-19)

More Info Donate Now


    1. » Unbiased News

 

    1. » More Transparency

 

    1. » Truth And Reality

 

    1. » Fearless Reporting

 

    1. » Public journalism

 

    1. » The Digital World that Keeps You Updated
0

☆ The Creator:

☆  
Do NOT follow this link or you will be banned from the site!

MORE SECTIONS PODCASTS NEWSLETTER

 Follow On 
 Facebook   Twitter   Subscribe 

 About   Contact     Advertise With Us    Profiles   Shop   Community    Write for Us 

 हिन्दी   অসমীয়া   Sitemap   RSS Feeds   Send News 

Explore World News,Inspiring Stories,Ideas,Trending Topics,Innovations and Find Articles, Videos & Podcasts And Positive Contents on Interesting Topics from Latest Trends to What The Internet is Talking About & What You Care About & Matter In Life

Kill Negativity Before It Kills You

 IA  ©2021 Idearmy Inc. All Rights Reserved.

Welcome 

Please Disable Ad Blocker to Support us. Help us By allowing Ads to Spread "Good Contents that Can Change People's Thoughts & The World".

CONTINUE➡️

 NEWS 

 STORIES 

 SHORTS