
☆
মন্ত্ৰী মহোদয়ে কিবা কিবি কৈ আছে ৷ আমি কিন্তু শুদ্ধ কথাটো কৈ আছো৷ বিজেপিৰ টকা আছে বাকী একো নাই৷ টকাৰ ওচৰত চব কথা নচলে ৷ মোডী আৰু অমিত শ্বাহে আমাক কি বুজি পাব৷ কা নে কি নাজানো, কা বিপ্লবৰ আগতে বনাইছিলো।
‘জয় আই অসম টু আৰাম্ভ কৰিছিলো হে, এই কা কা কা আহিলেই৷ কংগ্ৰেছ, বিজেপি চৰকাৰৰ কাম নাই। AGPৰ টো কামে নাই।’ এই মন্তব্যৰে ৰাজনৈতিক দলসমূহক তীব্ৰ সমালোচনা জুবিন গাৰ্গৰ। ৩১ তাৰিখে বিষ্ণু ৰাভাৰ জন্মদিন পাতিম টংলাত। বিপ্লৱ তেজত থাকে ৰাস্তাত নাথাকে। জয় আই অসম আৰু বন্দে মাতৰম ধ্বনি জুবিনৰ।
হিন্দী গান গাবলৈ সময় নোপোৱা হলো৷ অসমলৈ আহিলে অশান্তি৷ কে ওলাব বে ওলাব ৷ মোক বোম্বে নালাগে, মোক আপোনালোকক লাগে৷ ৰাইজক উদ্দ্যেশ্যি এই মন্তব্য কৰিলে কণ্ঠশিল্পীগৰাকীয়ে। আজি বহু দিনৰ মূৰত মিডিয়াই ভাল পাইছে৷ মিডিয়াক ধন্যবাদ আমাক সমৰ্থন কৰিছে ৷ হিমন্ত দাকো দিছে, সৰ্বাদাকো দিছে৷ মই বছৰটোত বাৰশ মান অনুষ্ঠান কৰো ৷ আমাৰ ভূপেন হাজৰিকাৰ ঘৰটো আমাৰ এই কেইজনে ৰাখিব নোৱাৰিলে মমতা দিদিয়ে ৰাখি দিলে ৷ এই মন্তব্য জুবিন গাৰ্গৰ।
‘এইকেইদিন যে টক শ্ব’ হৈছে, মই নাযাও, মই ষ্ট্ৰেইট কথা কও৷ মন্ত্ৰী আৰু বিধায়কে মিছা কথা কয় ৷ বিজেপিক ফালিম ৷ ষ্টেজ খনেই মোৰ অস্ত্ৰ ৷ পলিটিকেল পাৰ্টিৰ কথাটো যে ওলাই আছে, সেইটো নহয় ৷ মই ৰাজনীতিত নাযাও ৷ মই বিজেপিও নহও, কংগ্ৰেছো নহও, এজিপিও নহও ৷ নতুন পাৰ্টি হ’লেও মই সেইটো নহও ৷’
0 ☆ The Creator:☆