
▪️
কাজিৰঙাৰ বোকাখাত আৰু কলিয়াবৰ মহকুমাৰ অন্তৰ্গত এলেকাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ১৪৪ ধাৰা জাৰি প্ৰসাশনৰ৷ বন্যপ্ৰাণী আহ-যাহ কৰি থকা এই পথছোৱাত প্ৰসাশনে আজি ১৪৪ ধাৰা জাৰি কৰি দিয়ে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যিকোনো মূহুৰ্তত উদ্ভৱ হ’ব পৰা বান পৰিস্থিতিৰ বাবেই এই পথছোৱাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰা বা ৩৭ নং ৰাষ্ট্ৰীয় পথত আশ্ৰয় লোৱা বন্যপ্ৰাণীৰ নিৰাপত্তাৰ বাবে প্ৰশাসনৰ এই সিদ্ধান্ত।
পথচোৱাত ১৪৪ ধাৰা জাৰি কৰি ঘন্টাত ৪০ কিল’মিটাৰতকৈ অধিক বেগত যানবাহন চলোৱা নিষেধ কৰিছে৷ প্ৰশাসনে এই ধাৰাৰ অধীনত এক নিৰ্দেশনা যোগেদি ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে অস্ত্ৰসস্ত্ৰ লৈ চলাফিৰা কৰা কাৰ্যক নিষেধ কৰাৰ লগতে সমীপৱৰ্তী ধাৱা সমূহতো গধুৰ যান বাহন ৰখোৱা নিষেধ কৰিছে ৷
1 ☆ The Creator:☆