Created By সঞ্জয় দাস.
নতুন খেলৰ সামগ্ৰী ঘৰলৈ আনিলেই কণমানি ৰায়ান চঞ্চল হৈ উঠে। সেই খেলা সামগ্ৰীৰ বক্স খুলি নোচোৱালৈকে তাৰ শান্তি নাই। লগে লগে চলি থাকে নকল স্কুল, বিজ্ঞানৰ নানা পৰীক্ষা, মিউজিক ভিডিঅ’ বা সৰু–সুৰা বক্তৃতা। এই সকলো ভাণ্ডাৰ লৈ বহি নাথাকে ৰায়ান। তাৰ সেই আনন্দ ভাগ–বটোৱাৰা কৰে লক্ষ লক্ষ দৰ্শকৰ সৈতে। মাধ্য হ’ল ইউটিউব। আৰু এই সহজ–কৰল কামবোৰ কৰিয়ে বিশ্বৰ ডাঙৰ ডাঙৰ ইউটিউবাৰসকলক পিছ পেলাই শীৰ্ষত ৰায়ান। ইউটিউবৰ পৰা ৰায়ানৰ আয় হয় বছৰি ভাৰতীয় মুদ্ৰাত ২২০ কোটি টকা। আৰু এতিয়া ৰায়ান বিশ্বৰ হায়েষ্ট পেইড ইউটিউবাৰ।
ৰায়ানে কিন্তু যি কৰে, তাৰ নিজৰ মতে কৰে! অৰ্থাৎ তাক কোনোৱে শিকাই–বুজাই ভাটৌ চৰাইৰ দৰে আওৰাবলৈ নিশিকায়। ৰায়ানৰ ইউটিউব চেনেলটোৰ নাম ৰায়ান্ছ ৱৰ্ল্ড। ২০১৫ বৰ্ষত এই চেনেলটো আৰম্ভ কৰিছিল। সি যি কৰিবলৈ ভাল পায়, সেয়াই চেনেলটোত দেখুওৱা হয়।
এই লৈ তৃতীয়বাৰ এক নম্বৰ স্থানত আহিল ৰায়ান। ৰায়ানৰ পিছত শাৰী পাতিছে বিশ্বৰ জনপ্ৰিয় অনলাইন ছেলিং প্লেটফৰ্ম এমাজন, ৱালমাৰ্টৰ পৰা আৰম্ভ কৰি নিকেলডনেৰ দৰে ব্ৰেণ্ড। এই বক্সৰ পৰা খেলৰ সামগ্ৰী উলিওৱা বা ৰায়ানৰ ভাষাত আনবক্সিং কৰা ভিডিঅ’ই ৰায়ানক মূলত খ্যাতিৰ শীৰ্ষত অধিষ্ঠিত কৰিছে। ফৰ্বছ সংবাদপত্ৰৰ দ্বাৰা এই ৰিভিউ কৰা হৈছে। ৰায়ানৰ পিছতে দ্বিতীয় স্থানত আছে মিষ্টাৰ বিষ্ট, ডুড পাৰফেক্ট তৃতীয়, ৰেট এণ্ড লিংক চতুৰ্থ আৰু মাৰকিপ্লায়াৰে পঞ্চম স্থান দখল কৰিছে।
🌟 Visit সঞ্জয় দাস's Website or Follow সঞ্জয় দাস On Social Media.
🌟 About সঞ্জয় দাস
সংবাদকৰ্মী ⇑
▪️
☆ The Creator:☆