কি এই ক’ৰ’ণা ভাইৰাছ ?
– ই প্ৰাকৃতিকভাৱে জন্ম হোৱা এবিধ মাৰাত্মক ভাইৰাছ
– এই ভাইৰাছ মানুহৰ শৰীৰত প্ৰবেশ কৰিলে দেহত কিছুমান অতি যন্ত্ৰণাদায়ক ৰোগে দেখা দিয়ে
– দ্ৰুত গতিত এজন মানুহৰ পৰা আন এজনলৈ সংক্ৰমণ বিয়পায় ‘কোৰোণা’ ভাইৰাছে
– পশু পক্ষীৰ শৰীৰৰ পৰা মানুহৰ শৰীৰলৈ বিয়পি পৰে কোৰোণা ভাইৰাছ
– কোৰোণা ভাইৰাছৰ এইপৰ্যন্ত কোনো ভেকচিন নাইবা নিৰ্দিষ্ট চিকিৎসা নাই
– এই ভাইৰাছ প্লাষ্টিক, ষ্টিল, তাম আদি পৃষ্ঠতো দীৰ্ঘসময় জীয়াই থাকিব পাৰে
– চীনৰ ইউহান প্ৰদেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰথম ঘটনা পোহৰলৈ আহে। সেই ঠাইৰ পৰাই পৃথিৱীৰ প্ৰায় সকলো দেশলৈ ই বিয়পি পৰিল
– সমগ্ৰ বিশ্বত বৰ্তমানলৈকে এই মহামাৰী ভাইৰাছত প্ৰায় 537,787 জন লোক আক্ৰান্ত হৈছে আৰু 24,145 জনৰ মৃত্যু হৈছে
– ভাৰতত প্ৰায় 753 জন লোক আক্ৰান্ত হৈছে আৰু 20 জনৰ মৃত্যু হৈছে ৷
কোৰোণা ভাইৰাছৰ লক্ষণসমূহ :
– দুৰ্বল হৈ পৰে
– উশাহ লোৱাত কষ্ট হয়
– মূৰৰ বিষ,বুকুৰ বিষ হয়
– নিমুনিয়া, পানীলগা, জ্বৰ, কাঁহ হ’লে অতি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক অথবা 104 ত ফোন কৰক আৰু কৰ’ণা হওঁক বা নহওঁক তেনেলোকে ঘৰতে 14 দিন বিশ্ৰাম কৰিব। কাৰণ ৰোগ প্ৰতিৰোধীক্ষমতা কম থকা লোক যেনে ৰোগী, শিশু আৰু বয়সীয়াল লোকক এই ভাইৰাছে সহজেই আক্ৰমণ কৰে।
কি কি সাৱধানতা অৱলম্বন কৰিব :
(1) হাতদুখন সঘনাই ভালদৰে চাবোনেৰে বা চেনিটাইজাৰে ধুই থাকিব।
(3) অপৰিস্কাৰ হাত কেতিয়াও চকু, মুখ আৰু নাকলৈ নিনিব কাৰণ এই তিনিটা অংগৰেদি শৰীৰত এই ভাইৰাছ প্ৰবেশ কৰে ।
(3) মুখত মাস্ক ব্যৱহাৰ কৰিব
(4) এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত বা সন্দেহজনক লোকৰ পৰা ২/৩ মিটাৰ আতৰত থাকিবলৈ চেষ্টা কৰিব।
(5) নিজকে সদায় পৰিস্কাৰ কৰি ৰাখিব।
(6) কাঁহ বা হাচি মাৰোঁতে ৰুমাল ব্যৱহাৰ কৰিব, কিয়নো নাক আৰু মূখৰ পৰা ওলোৱা পানীৰ ক্ষুদ্ৰ কণিকাৰ দ্বাৰাই এই ভাইৰাছ বিয়পে
(7) জনবহুল বা ৰাজহুৱা ঠাইৰ পৰা নিজকে আতৰাই ৰাখক
ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলোৱে সহযোগ কৰক ৷
[ সচেতন হওক আৰু সুৰক্ষিত থাকক ]
Stay at Home to #StopCoronavirus
0▪️
☆ The Creator:☆